Monday, 16 December 2013


আবৃত্তিৰ কৌশল প্ৰসঙ্গত কিছু কথা

আবৃত্তি সৰ্বশাস্ত্ৰানাং বোধাদপি গৰিয়সী' আবৃত্তিয়ে সকলো শাস্ত্ৰৰে বোধ শক্তি বৃদ্ধি কৰাত মহান ভূমিকা গ্ৰহণ কৰে। সেয়ে সকলোপ্ৰকাৰ শিক্ষণ-শিকন কলাতেই আবৃত্তি অতি গুৰুত্বপূৰ্ণ বিষয়। আজিকিছু দিনলৈকে অসমত আবৃত্তি কেৱল প্ৰতিযোগিতাৰ বিষয়ৰূপেহে প্ৰচলিত আছিল কিন্তু বৰ্তমান আবৃতিত ক শি'ক্ষণ কলালৈ ৰূপান্তৰিত হৈছে। কিয়নো সহবিদ্যায়তনিক দিশত চিত্ৰকলা সংগীত আদিৰ দৰে আবৃত্তিও শিকিব লগা কলা। যিহেতু আবৃত্তিৰো নিৰ্দষ্টি পাঠ্যক্ৰম আছে ,বিজ্ঞানসন্মত শিক্ষণ পদ্ধতি উদ্ভাৱন কৰা হৈছে, তাৰোপৰি আবৃত্তি এক পৰিবেশ্যমান কলাৰূপেও স্বীকৃত হৈছে। সেয়ে এতিয়া আবৃত্তি এক সাধন কলা আৰু পৰিবেশনৰ বাবে অনুশীলন অপৰিহাৰ্য হৈ পৰিছে।
আবৃত্তি কৰিবলৈ হলে প্ৰথমতে কাব্যাংশ বা নাট্যসংলাপ মুখস্থ কৰি লোৱাটো জৰুৰী। মুখস্থ এইবাবেই জৰুৰী যে আবৃত্তিৰ আভিধানিকঅৰ্থই হৈছে পুনঃ পুনঃ পাঠ মুখস্থ পাঠ। অৰ্থাত্ আবৃত্তি এক দৃষ্টিনিৰ্ভৰ পাঠ নহয়, ই এক স্মৃতিনিৰ্ভৰ পাঠ। কাৰণ আবৃত্তি কৰোতে কবি আৰু আবৃত্তিকাৰৰ সত্তা একক সত্তালৈ ৰূপান্তৰিত হ'ব লাগিব। কবিয়ে কবিতা লিখে আৰু আবৃত্তিকাৰে কবিতাটোত প্ৰাণ প্ৰতিষ্ঠা কৰি পুনৰ নিৰ্মাণ কৰে ইদিশৰ পৰা কবি আৰু আবৃত্তিকাৰ দুয়োজনেই একোজন শিল্পী। আবৃত্তি যিহেতু পৰিবেশ্যমান কলা গতিকে দৰ্শক-শ্ৰোতাক কোনো কাৰণতে উলাই কৰা নহয়। সেয়ে দৰ্শকশ্ৰোতাৰ লগত দৃষ্টিসংযোগ ৰাখিবৰ বাবেও মুখস্থ কৰি লোৱাটো অপৰিহাৰ্য। নাট্য সংলাপ যিদৰে মুখস্থ কৰি নললে ৰ্‌শকৰ সহাৰি পাবলৈ অসুবিধা একেদৰে কবিতাৰ আবৃত্তিৰ ক্ষেত্ৰটো প্ৰয়োজন হয়।
কবিতাৰ মুখস্থ কৰি নিৰাসক্তভাৱে মাতি গলেই আবৃত্তি নহয়। আবৃত্তিৰ বাবে লাগে ভাষাজ্ঞান মানে বিশেষভাৱে ই যিহেতু কণ্ঠ কলা সেয়ে ভাষাৰ ধ্বনিবিজ্ঞানৰ লগত বিশদভাৱে পৰিচয় থাকিব লাগিব। সকলো ভাষাৰে নিজস্ব উচ্চাৰণ শৈলী থাকে সেয়ে অসমীয়াভাষাৰ উচ্চাৰণ শৈলীৰ লগ পৰিচয়েই নহয়  শুদ্ধভাৱে ধ্বনি উচ্চাৰণ শিকি ল'ব লাগিব। অসমীয়াভাষাৰ বৰ্ণ মালাখন অৱশ্যেই ধ্বনি তাত্বিক নহয় বা বৰ্ণতাত্বিকো নহয় ই দৰাচলতে আখৰমালাহে। সেয়ে উচ্চাৰণ বৈশিষ্ট্যবোৰ শিকিলেহে শুদ্ধৰূপত শব্দ প্ৰক্ষেপণ কৰিব পাৰিব। উচ্চাৰণৰ ক্ষেত্ৰত বহুকথা আলোচনাৰো অৱকাশ আছে।
মই মোৰ মাজতে থাকো
মোৰ সৃষ্টি
মোৰ কৃষ্টি
মোৰেই সন্তুষ্টি

মই মোৰ বাবেই
গঢ়োসাজোভাঙো
শিল্প সমাজআৰু নীতি

স্বপ্ন-বাস্তৱৰ সতেময়ে
লুকা-ভাকু খেলো
মোৰ কথাতে হাঁহো-কান্দো
মোকেলৈ ব্যংগ-কৌতুক কৰোঁ

মোৰ দুখত চকুপানী টুকি
মোৰ অস্তিত্বক
নিজেই চিকুটি জোকাৰোঁ
মই মোৰ সুৰ-ছন্দৰ তালতে নাচোঁ
মই মোৰ মাজতে থাকো

Tuesday, 3 September 2013

নৈশব্দ

নৈশব্দত ভাহি যায় মোৰ শব্দৰ শেৱালি
ৰিক্ত কৰি মোৰ হৃদয় কৰণি
কেনেকৈ কওঁ ফুল-তৰা ভাল পাওঁ বুলি!
কেনেকৈ কওঁ সন্ধ্যাত দুপৰৰ সপোন দেখিছো বুলি!
 !১
জীৱন এক  গতি
মৃত্যু এটা গতিৰ ইতি


হৃদয় এখন নদী
মন নদীত বাঢ়ি অহা বানপানী
বাৰিষা বাঢ়ে
খৰালি শুকাই
ইফাল সিফাল কৰে
ঘূৰ্ণী বতাহে আহি।

Saturday, 31 August 2013

আঘোনৰ অনুভৱ

আঘোন মানেই/ মূগাৰ কাপোৰেৰে/শ্যামলীৰ সাজোন-কাচোন
আঘোন মানেই/গৰখীয়া বাঁহীত/ শাৰদীয় পূণিৰ্মাত/ ৰাসৰ জোন
আঘোন মানেই /কলাফুল কোবাই/বিৰিয়াত ছথৰীয়া ডাঙৰিৰ /মেটমৰা ভাৰলৈ/
কুকুৰ খোজেৰে অহা/ সেয়াচোন ককাই আঘোনা
হাতত কাঁচি আৰু ৰবাবৰটোপোলাৰে/আগে আগে গৈ থকাআঘোনীৰ/
তামৰঙী মুখ আৰু ফপৰা হাতত/ সেয়া যে এৰালীৰে কটা।
আঘোন মানেই /নিয়ৰেৰে ধূৱঁলি-কুৱঁলি/ ধূসৰিত মনৰ পদূলি/
চোতালত মৰণাৰ পাকঘূৰণিখাই/জুহালতে টোপনি/
 আইতাৰ সাধুকথা শুনি/ কনমানি জনী।
আঘোন মানেই/ ন-খোৱাচুঙা চাউলচুঙা পিঠাৰ আনন্দ ভোগালী
মাটিহীন কৃষকৰ/বাবেহে মাথোন/আঘোনতে নিৰন্ন গধূলি।

Thursday, 29 August 2013

হাতমেলোতেই তুমি

মোৰ আশা তুমি মোকদিবা
এধাৰ গলপতা
হীৰাৰে বাখৰ খটোৱা
হাতমেলোতেই তুমি
দিলা এটি অঙঠা তুলি
মুঠিৰ পৰা সৰকি
ৰিহাৰ ভাজত পৰি
বুকুৰ কলিজা পুৰি
হ'ল বেদনাৰে ক'লা

Wednesday, 7 August 2013

তুমি  মোৰ আকাশত মেঘ হৈয়ে থাকা

তুমি কেতিয়াও বৰষুণ হ'ব নালাগে
মোৰ আকাশত মেঘ হৈয়ে থাকা
বৰষুণ হলে তুমি তুমি হৈ নাথাকিবা
চঞ্চল মেঘহৈ উৰি উৰি আকাশে আকাশে ঘূৰি
কৈ যাবা আলসুৱা মনৰ বাতৰি

বৰষুণ হলেই তুমি হেৰাই যাবা মোৰ পৰা-
হেৰাব তোমাৰ স্থিতি
হেৰাব তোমাৰ গতি
তুমি কোন অচিনাৰ কবি!
আন্ধাৰৰ হাঁহাকাৰশুনি
কয়লাৰঙী মানুহবোৰ মাতাল হোৱা দেখি
বৰষুণ হৈ আহিব খুজিছা নামি?

তুমি মোৰ আকাশত ডাৱৰ হৈয়ে থাকা

ডাৱৰৰ মাজেদি ৰামধেনু আঁকি
মোৰ আকাশ বৰ্ণময় কৰি
তুমি মেঘ হৈয়ে থাকা
কিন কিনএজাক বৰষুণ নহবা
মোৰ চোতাল বোকা কৰা 
বৰষুণ হলেই পানী হ'বা
পানী হলেই বৈ যাবা
বৈ গলেই হেৰাই যাবা
হেৰাবলৈ তুমি বৰষুণ নহ'বা
মোৰ আকাশত তুমি মেঘ হৈয়ে থাকা